অসম

বিশ্ব ৰক্তদান দিৱস উপলক্ষে উপায়ুক্ত-মহকুমাধিপতিৰ ৰক্তদান

asomiyapratidin

ডিজিটেল সংবাদ, যোগীঘোপাঃ "ৰক্তদান জীৱনদান" -এই বাণীক সাৰোগত কৰি শুকুৰবাৰে বিশ্বযুৰি পালন কৰা হৈছে "বিশ্ব ৰক্তদান দিৱস"৷ "বিশ্ব ৰক্তদান দিৱস" উপলক্ষে শুকুৰবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত চলন্তাপাৰা ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰত ৰক্তদান কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান আৰু উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহালে।

দুয়োজনে ৰক্তদান কৰি সকলো লোককে ৰক্তদান কৰাৰ বাবে আহ্বান জনায়। দুয়োজন বিষয়াই ৰক্তদান কৰি কয় যে, ৰক্তদান হৈছে মহান দান। যাৰ দ্বাৰা আমি কোনো লোকক জীৱন ৰক্ষা কৰিব পাৰো।