অসম

এইখন অসমতে তালিবানী কাণ্ড! সামান্য ভুলৰ বাবে নিৰ্মম অত্যাচাৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ এটা সৰু কথাৰ বাবে এজন ১৬ বছৰীয়া কিশোৰক ৰাজহুৱা বিচাৰৰ পিছতে ৪১ হাজাৰ টকাৰ জৰিমনা৷ আৰু তাৰ পিছতে কিশোৰগৰাকীৰ আত্মহনন৷ এই সমগ্ৰ ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁও জিলাত৷ কিদৰে কৰা হৈছিল কিশোৰগৰাকীক ৰাজহুৱা বিচাৰ?

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত ৰাজহুৱা বিচাৰৰ ভিডিঅ'। গৰুৰ পঘাৰে হাত বান্ধি কৰা হৈছিল কিশোৰগৰাকীক মাৰপিট৷ ৰাজহুৱাভাৱে ১০ বাৰ দিয়া হৈছিল কানত ধৰি উঠা বহাৰ নিৰ্দেশ৷ আনকি জণ্ডিছ ৰোগত আক্ৰান্ত কিশোৰগৰাকীক খাবলৈ দিয়া হোৱা নাছিল পানী৷

আব্দুল আৱাল নামৰ এজন লোকৰ নেতৃত্বত চলিছিল এই ৰাজহুৱা বিচাৰক৷ যাৰ ফলত আত্মহননৰ দৰে পথ বাছি ল'লে উদয় মালো নামৰ কিশোৰগৰাকীয়ে। উল্লেখ্য যে, এই কিশোৰগৰাকীৰ দোষ আছিল বৰষুণৰ বতৰত চাইকেলৰ পৰা দুগৰাকী মহিলাৰ গাত বাগৰি পৰিছিল৷