অসম

বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ নামনি অসমৰ অন্যতম চহৰ বঙাইগাঁৱত অহা ২২ ছেপ্তেম্বৰত সৰ্বভাৰতীয় পৰ্যায়ৰ তৃতীয় বাৰ্ষিক 'FF Classic 2019' শীৰ্ষক শৰীৰচৰ্চা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ প্ৰতিযোগিতাৰ পুৰস্কাৰ হিচাবে থাকিব সৰ্বমুঠ ১.৫ লাখ টকাৰ পুৰস্কাৰ।

এই প্ৰতিযোগিতাত ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ শৰীৰবিদে যোগদান কৰিব বুলি জানিব পৰা গৈছে৷ প্ৰতিযোগিতাখনিত উপস্থিত থাকিব মিঃ ৱৰ্ল্ড, মিঃ ইউনিভাৰ্ছ খিতাপ দখল কৰা সংগ্ৰাম চুগলে।