অসম

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁৱৰ মাজগাঁওত উত্তৰ শালমাৰা-বঙাইগাঁও চিলাৰায় পথত মঙলবাৰে পুৱা ১০:৪৫ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ উত্তৰ শালমাৰাৰ পৰা বঙাইগাঁও অভিমূখী এএছ১৯-এ-৫৭২১ নম্বৰৰ যাত্ৰীবাহী বাছ আৰু বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰা দিশত আহি থকা এএছ০১-চিচি-৬৩৬০ নম্বৰৰ টাটা চুম'ৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷

ফলত টাটা চুম'খন পথৰ দাতিৰ দ খাৱৈত বাগৰি পৰে৷ আনহাতে বাছখন পথৰ ওপৰতে লুটি খাই বাগৰি পৰে৷

দুৰ্ঘটনাটোৰ ফলত বহু যাত্ৰী আহত হয়৷ ইয়াৰে কেবাজনৰো অৱস্থা সংকটজনক হোৱাৰ লগতে এজন লোকে হেৰুৱাই প্ৰাণ। নিহত লোকজনৰ নাম আব্দুল গফুৰ আলী। অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মীজনৰ ঘৰ মানিকপুৰত।

ইফালে দুৰ্ঘটনাটোৰ ফলত পথৰ দুয়োকাষে ব্যাপক যান জঁটৰ সৃষ্টি হয়৷