অসম

বঙাইগাঁৱৰ সিদলসতীত পুৱাই অঘটন, ডাম্পাৰৰ খুন্দাত মৃত্যু পথচাৰীৰ

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁৱৰ সিদলসতীৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম৷ বৃহস্পতিবাৰে পুৱাই সিদলসতীত ডাম্পাৰৰ খুন্দাত মৃত্যু হয় এজন লোকৰ৷ লোকজনক ৩ নং নাচনগুৰি গাঁৱৰ আলি আকবৰ বুলি চিনাক্ত কৰা হৈছে৷

উল্লেখ্য যে, এই অঞ্চলত দীৰ্ঘদিন ধৰি ডাম্পাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ সিদলসতী বজাৰ এলেকাৰ লগতে কেবাখনো বিদ্যালয় থকাৰ পিছতো প্ৰশাসনে নাকী লগাব পৰা নাই এই পথেৰে চলাচল কৰা ডাম্পাৰসমূহক৷

তীব্ৰবেগত চলা ডাম্পাৰসমূহে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে৷ আনহাতে বৃহস্পতিবাৰে লোকজনক খুন্দিয়াই পলায়ন কৰে ডাম্পাৰখনে৷ ফলত উত্তেজিত ৰাইজে অৱৰোধ কৰে ৰাজপথ।