অসম

ডিমা হাচাওত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

asomiyapratidin

ডিজিটেল সংবাদ, ডিমা হাচাওঃ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ১২ ঘন্টীয়া ডিমা হাচাও বন্ধৰ আহ্বান কৰিছিল ডিমাচা ষ্টুডেন্ট ইউনিয়ন, আডছুৰে ধৰি ৭টা সংগঠনে। এই ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ডিমা হাচাওত।

জিলাখনৰ হাফলঙকে ধৰি মহকুমা সদৰ মাইবাং, ডিয়ুংব্ৰা, উমৰাংছু, লাংটিন, মাহুৰ, হাতিখালি, হাৰাংগাজাও আদি ঠাইত সৰ্বাত্মক ৰূপত পৰিছে বন্ধৰ প্ৰভাৱ। বৰ্তমানলৈকে কোনো ধৰণৰ যান-বাহন চলাচল নকৰাৰ লগতে বন্ধ আছে সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানো।