অসম

বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী হাতীখুলি ৰংহাং গাঁৱত বনৰীয়া হাতীৰ বাবে কৰা ২০০বিঘাৰ ধাননি বন্যহস্তীয়ে খাই অন্ত পেলোৱাৰ পিছত পুনৰ চামগুৰিৰ বালিজুৰি-কাজিৰঙাত আৰম্ভ হৈছে বন্যহস্তীৰ চুড়ান্ত উপদ্ৰৱ। বুধবাৰে নিশা কাৰ্বি পাহাৰৰ পৰা বালিজুৰি-কাজিৰঙাৰ মূল হস্তীদণ্ডিৰে ভৈয়ামৰ পথাৰলৈ নামি আহিল জাকে-জাকে বন্যহস্তী। নিয়মীয়া অধ্যয়নৰ পৰা বিৰত থাকিবলৈ বাধ্য হোৱা স্কুলীয়া ছাত্ৰ তথা যুৱক সকলৰ পৰা আদি কৰি গাওঁ খনৰ সকলো স্তৰৰ পুৰুষ সকলে হাতে-হাতে টৰ্চ, আতচবাজী, জুই ধৰি সন্ধিয়াৰে পৰা খেদিবলগীয়া হৈছে বন্যহস্তী।

বন্যহস্তীৰ জাকবোৰে কৃষকৰ ধাননি খাই তহিলং কৰাৰ বিপৰীতে জাকবোৰৰ খোজত বিনষ্ট ভৈয়ামৰ পথাৰৰ বহু বিঘা ধাননি। অঞ্চলটোলৈ প্ৰায় পাঁচ কিলোমিটাৰ নিলগত থকা চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনৰক্ষীয়ে আহি বন্যহস্তী খেদোৱাত স্থানীয় ৰাইজক সহযোগ কৰাৰ বিপৰীতে গাওঁ খনৰ নিচেই কাষতে হাতীখুলি খণ্ড বন বিষয়াৰ কাৰ্যালয় থাকিও কেৱল এলেকাৰ দোহাৰি দি হাতী খেদিবলৈ এজনো বনৰক্ষী নহাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী ৰাইজে উত্থাপন কৰি চৰম ক্ষোভ ব্যক্তি কৰিছে বন বিষয়া জনৈক মহন্তৰ বিৰুদ্ধে।

ইফালে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ভৈয়ামৰ জনাঞ্চলত পুৱা পৰ্য্যন্ত বিচৰণ কৰি আছে নিশা পাহাৰৰ পৰা নামি যোৱা প্ৰায় ৩০০ৰো অধিক বন্যহস্তীয়ে। কাৰণ প্ৰাপ্ত তথ্য মতে নিশা নামি যোৱা হাতী খিনি পুৱা পৰ্য্যন্ত উভতি যোৱা নাই কাৰ্বি পাহাৰলৈ।