অসম

জঘণ্য কাণ্ড! এইবাৰ কামনাৰ বলি হ’ল দিব্যাংগ কিশোৰী

asomiyapratidin

জঘণ্য কাণ্ড! এইবাৰ কামনাৰ বলি হ'ল দিব্যাংগ কিশোৰী

ডিজিটেল সংবাদ,বাক্সা :  আমাৰ সমাজত এনে কিছুমান বিকৃত মানসিকতাৰ মানুহে  বসবাস কৰি আছে যি সকলক যিকোনো ঘৃণনীয় বিশেষণেৰে নামাকৰণ কৰিলেও সেয়া কম হৈ পৰে। তেনে এটা জঘণ্য পাষণ্ড শাৰীত পৰিছে বাক্সাৰ জিলাৰ এটা স্বয়ম্ভু বেজ। বাক্সাৰ জিলাৰ গধূলিগাঁৱত এগৰাকী দিব্যাংগ কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত এটা বেজ ৰঙাঘৰৰ আলহী হ'ব লগা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ শিমলা আৰক্ষী থানাৰ অধীনৰ গধূলীগাঁৱৰ  ৪৫ বছৰীয়া স্বয়ম্ভু বেজ সুৰেণে দীৰ্ঘদিন ধৰি তাবিজ, জৰা ফুকা, কুমন্ত্ৰ আদিৰে বিভিন্ন ৰোগৰ চিকিৎসা কৰি আহিছিল ৷

ইয়াৰ মাজতে এই স্বয়ম্ভু বেজটোৱে  সুযোগ বুজি ঘৰত কোনো নথকা সময়ত প্ৰতিবেশী দিব্যাংগ কিশোৰী এজনীক চাৰি মাহ পূৰ্বৰে পৰা  কেবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে ৷ কিশোৰী গৰাকীৰ চাল চলন আৰু শাৰীৰিক গঠনত সন্দেহ হৈ  ভুক্তভুগী কিশোৰী গৰাকীক মাতৃ সোধাত প্ৰতিবেশী সুৰেণে তাইৰ ওপৰত কৰা  সকলো কথা বিবৰী কয় ৷ সকলো কথা জানিব পাৰি যোৱা সোমবাৰে পীড়িতা কিশোৰীগৰাকীৰ মাকে শিমলা আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ৷

শিমলা আৰক্ষীয়ে সোমবাৰে  নিশা  অভিযুক্ত সুৰেণক নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ ইফালে মহল বাৰে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি বুধ বাৰে  জিলা সত্ৰ  ন্যায়াধীশৰ আদালতত কিশোৰী গৰাকীক হাজিৰ কৰে ৷ ইয়াৰ মাজতে অভিযুক্তকো ন্যায়ালয়ত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে ৷ পীড়িতা দিব্যাংগ কিশোৰীগৰাকীৰ মাকে সাংবাদিকক জানিব দিয়া মতে অভিযুক্ত সুৰেণে জৰা ফুকাৰ জৰিয়তে বশ কৰি সেই এলেকাৰ কিশোৰী, গাভৰুক বেয়া কথা, বেয়া ইংগিত শাৰীৰিক নিৰ্যাতন কৰিব বিচাৰি এক আতংকৰ সৃষ্টি কৰি আহিছিল ৷

তেওঁৰ  ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ছোৱালীজনীকো দীৰ্ঘদিন ধৰি অসৎ ইংগিত দি আহিছিল আৰু নানা প্ৰলোভন দেখুৱাই  অকলশৰীয়া অৱস্থাত কেবাবাৰো ধৰ্ষণ কৰিছিল ৷ মাক-দেউতাক দুয়োজনে লোকৰ ঘৰত দিন হাজিৰা কৰি সন্ধিয়া ঘৰলৈ অহাৰ সুযোগ গ্ৰহণ কৰি স্বয়ম্ভু বেজ সুৰেণে এই অসৎ কাম কৰি আহিছিল ৷ ইফালে  সুৰেনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা কেছ উঠাই লবলৈ পঞ্চাশ হাজাৰ টকা দিব বিচাৰিছিল বুলিও কয় অভিযোগ আনে ভুক্তভুগীৰ পৰিয়ালে ৷৷ অভিযুক্ত সুৰেণ মদাহীক  আজীৱন জেলত থাকতো বিচাৰে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে৷

চৰিত্ৰহীন সুৰেণ   যাতে ধনৰ বলত  সহজে জেলৰ পৰা ওলাই আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈও  মাতৃ গৰাকীয়ে আৰক্ষীক কাতৰ অনুৰোধ জনায়।লগতে বাক্সা জিলা শিশু সুৰক্ষা বিষয়াক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি  দিব্যাংগ কিশোৰী গৰাকীক ন্যায় আৰু ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে ৷