অসম

বাক্সাৰ নিকাচিত বৃহৎ পৰিমাণৰ ভূটানী সুৰা জব্দ, তিনি সুৰা সৰবৰাহকাৰীক আটক

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ নিকাচিত এছএছবিৰ অভিযানত বৃহৎ পৰিমাণৰ ভূটানী সুৰা জব্দ হৈছে৷ ভূটানৰ পৰা অসমলৈ অবৈধভাৱে সৰবৰাহ কৰাৰ সময়তে ভূটানখুটিস্থ এছএছবিৰ ২৭ নং বেটেলিয়নৰ এ কম্পানীৰ কমাণ্ডেণ্ট অভিষেক নন্দৰ নেতৃত্বত এটা দলে নিকাচিত জব্দ কৰে সুৰাখিনি৷

লগতে তিনি সুৰা সৰবৰাহকাৰী ক্ৰমে নৱজিত দাস, কিশোৰ দাস, সঞ্জীৱ গয়াৰীক আটক কৰাৰ উপৰি সুৰা কঢ়িয়াই অনা এখন টাটা পিক আপ ভান জব্দ কৰে৷ জব্দ হোৱা ৬৯০ বটল ভূটানী ড্ৰাক বিয়েৰৰ বজাৰ মূল্য ৬৯০০০ টকা বুলি জনাইছে এছএছবিৰ সূত্ৰটোৱে৷

ইফালে জব্দ হোৱা সুৰাখিনিৰ লগতে বাহনখন আৰু তিনি সৰবৰাহকাৰীক বাক্সাৰ কমাৰদৈছাস্থিত কাষ্টম অফিচত চমজাই দিয়ে এছএছবিয়ে৷