অসম

বাক্সাৰ শিমলাত ইউ পি পি এলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো বিভিন্ন ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে৷ দিনক দিনে ৰাজনৈতিক নেতাসকলৰ মাজত অৰিয়া-অৰিও বৃদ্ধি পোৱা দেখা গৈছে৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ শিমলা গ্ৰাম্য ষ্টেডিয়ামত এবছু, ইউপিপিএল আৰু এডিএফবি(প্ৰগতিশীল)ৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায়৷

ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ক আক্ৰমণ কৰি কয়,-"হাগ্ৰামা মহিলাৰীৰ সমাজক লৈ কোনো আঁচনি নাই৷বিটিচি অঞ্চলৰ ৩২ লাখ মানুহৰ কোনটো জনগোষ্ঠী কেনে ধৰণৰ আঁচনিৰে আগ বাঢ়ি যাব তাক লৈ আঁচনি নাই৷বেছিভাগ সিহঁতে নিজৰ বিল্ডিং নির্মাণ কৰিছে৷ৰাস্তা বনাইছে কিন্তু এবছৰতেই ভাঙি যায়৷ ওদালগুৰিৰ এখন মিটিঙত কালি হাগ্ৰামা মহিলাৰীয়ে মহিলা সকলক সোণা লাগিবনে বুলি সোধে৷আৰে সোণা কাক নেলাগে? কিন্তু এই চৰকাৰী আঁচনিৰ ওপৰত এনে বেয়া মন্তব্য প্ৰদান কৰিলে যে এবাৰ বিয়া কৰালে এক তলা সোণ পায় যিহেতু বিয়া কৰাই এৰি দি আৰু বিয়া পাতক, এনেদৰে তিনিবাৰ বিয়া কৰাই মহিলা সকলে তিনি তোলা পৰ্যন্ত সোণা ল'ব পাৰে৷হাগ্ৰামা মহিলাৰীৰ কোনো ভিজন নাই,সেয়ে এই দৰে ক'ব পাৰে৷"

নিৰ্বাচনী প্ৰচাৰ সভাত এবছুৰ সভাপতি প্ৰমোদ বড়োই সাংসদ নৱ কুমাৰ শৰণীয়াকো সমালোচনা কৰিব পাহৰা নাই৷ বড়োই হীৰা শৰণীয়াকো এজন এক্সিডেন্টিয়েল এমপি বুলি অভিহিত কৰি কয়, "হীৰা শৰণীয়াই বড়ো আৰু অবড়ো বিভেদগামী ৰাজনীতি কৰিছে৷নৱ কুমাৰ শৰণীয়াই বড়ো আৰু অবড়ো ৰ মাজত বিভাজন অনাটোৱে ইচ্ছু কৰি লৈছে৷একেদৰে হাগ্ৰামা মহিলাৰীয়েও বড়ো আৰু অবড়ো ৰ মাজত বিভাজন অনাৰ ইচ্ছু লৈ আহিছে৷"

চিকে আঞ্চলিক এবছুৰ সভাপতি মন্টু গৌৰা বড়োই আঁতধৰা সভাত এনডিএফবি(প্ৰগতিশীল) ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, জইন এক্সন কমিটী ফ'ৰ বড়োলেণ্ড মুভমেন্টৰ মুখ্য আহ্বায়ক ৰাজেশ বড়ো, বিটিচি ৰ সাধাৰণ সদস্য অনিপ বসুমতাৰী আদি নেতাই ভাগ লয়৷