baksa sankardev vidya niketan
baksa sankardev vidya niketan 
অসম

বাক্সাৰ থমনা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ সদৰ মুছলপুৰৰ ওচৰৰ থমনাত অৱস্থিত অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনত ২৮, ২৯ আৰু ৩০ অক্টোবৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ আয়োজন কৰিছে।

শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা পৰিৱেশ নিকাকৰণ, যোগ প্ৰদৰ্শন, সম্বৰ্দ্ধনা অনুষ্ঠান, স্মৃতিগ্ৰন্থ উন্মোচন, মাৰ্গ দৰ্শন, "শিশু শিক্ষা আৰু সংস্কাৰ" বিষয়ক আলোচনা চক্ৰ, বন্তি প্ৰজ্বলন, স্ব-ৰচিত কবিতা পাঠৰ অনুষ্ঠান ইত্যাদি সুকলমে হৈ যায়।

শেষত সাংস্কৃতিক সন্ধিয়াৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰিব বুলি উদযাপন সমিতিয়ে জানিব দিয়ে। আজিৰ স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচীত স্মৃতিগ্ৰন্থ "কিশলয়" উন্মোচন কৰে বাক্সা জিলাৰ স্কুল পৰিদৰ্শক ভৱেন দেউৰীয়ে। আনহাতে মাৰ্গ দৰ্শক হিচাপে উপস্থিত থাকে অধিবক্তা দীপক শৰ্মা।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অনুপ্ৰেৰণা মূলক বক্তব্য ৰাখি আজিৰ মাৰ্গ দৰ্শন কাৰ্যসূচীত অংশ লৈ দীপক শৰ্মাই উপস্থিত ৰাইজক সন্তুষ্ট কৰে। ২৫ টা বসন্ত গৰকা বাক্সা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন, থমনাৰ উত্তৰোত্তৰ কামনা কৰি স্ব-ৰচিত কবিতা পাঠৰ অনুষ্ঠান উদ্বোধন কৰে কবি গৌতম ৰাভাই।

উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সুবোধ চন্দ্ৰ শৰ্মাই ৩০ অক্টোবৰৰ দিনা পুৱা সাংস্কৃতিক শোভাযাত্ৰাত সকলোৰে উপস্থিতি কামনা কৰে আৰু দিনৰ ১০ বজাৰ পৰা মুকলি অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে।