অসম

বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰ বেংকত চুৰিকাণ্ডৰ ঘটনা, বেংকৰ খিৰিকী কাটি চোৰৰ সন্ত্ৰাস

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰ গ্ৰামীণ বিকাশ বেংকত সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা৷ বেংকৰ খিৰিকীৰ লোহা গেছ কাটাৰেৰে কাটি চোৰে বেংকৰ ভিতৰত প্ৰৱেশ কৰি নগদ ধন, কেবাটাও ফাইল চুৰি কৰি নিয়াৰ লগতে বেংকৰ কম্পিউটাৰ, চকী-মেজ ভাঙি বহু সামগ্ৰী চেদেলি ভেদেলি কৰি পেলাই থৈ যায়৷

চুৰিকাণ্ড শুকুৰবাৰে নিশাৰ ঘটনা যদিও শনিবাৰে আবেলিহে পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ বেংকত আনন্দ বজাৰ আৰক্ষীৰ লোকৰ লগতে বেংক কৰ্তৃপক্ষ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে, বেংকৰ সমীপৰ আন ৩ খন দোকানৰ পৰাও শুকুৰবাৰে নিশা চোৰে লুটি নিয়ে বহু সামগ্ৰী৷