অসম

বাক্সাৰ শালবাৰীত আক্ৰাছুৰ ধৰ্ণা কাৰ্যসূচী, প্ৰতীক হাজেলাক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল পৰিৱেশ…

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ অসমৰ কেইবাহাজাৰ ভূমিপুত্ৰ কোচ ৰাজবংশীক যোৱা ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা বাদ দিয়াৰ পৰিপ্ৰেক্ষিতত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ বাক্সা জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে বাক্সাৰ শালবাৰীত এক দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

শালবাৰী মহকুমাধিপতি কাৰ্যালয়ৰ সমুখত দিনৰ ১১ বজাৰ পৰা দুপৰীয়া এক বজালৈ ৰূপায়ণ কৰা এই ধৰ্ণা কাৰ্যসূচীত জিলাখনৰ ভিন্ন প্ৰান্তৰ কোচৰাজবংশী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি হাতে হাতে প্লেকাৰ্ড লৈ আমাক এনআৰচিত অন্তৰ্ভুক্ত কৰক,অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, প্ৰতীক হাজেলা মুৰ্দাবাদ, প্ৰতীক হাজেলা গ' বেক,প্ৰতীক হাজেলাক গ্ৰেপ্তাৰ কৰক,উই ওৱান্ট জাষ্টিছ, আক্ৰাছু লং লিভ আদি ভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

বৃহস্পতিবাৰে কাৰ্যসূচীত সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গকুল বৰ্মন, সহকাৰী সাধাৰণ সম্পাদক কেশৱ ৰায়, সাংগঠনিক সম্পাদক ধৰ্মেন্দ্ৰ বৰ্মন, বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক কপিল দেৱ সিং, সম্পাদক উপেন ৰায়, উপদেষ্টা নিৰঞ্জন বৰ্মন আদিয়ে অংশগ্ৰহণ কৰে৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত শালবাৰী মহকুমাধিপতিৰ জৰিয়তে দেশৰ মহাপঞ্জীয়ক, গৃহমন্ত্ৰী, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী তথা বাক্সা জিলা উপায়ুক্তলৈ কোচৰাজবংশী ছাত্ৰ সংগঠনটোৰ ফালৰপৰা কেবাদফীয়া এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়৷