অসম

বাক্সাত পূজা আয়োজক কমিটীৰ ব্যতিক্ৰমী পদক্ষেপ, বিশেষভাৱে সক্ষম শিল্পীৰে অনুষ্ঠিত কৰিলে সাংস্কৃতিক অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ বাৰাপেটাত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সাৰ্বজনীন লক্ষ্মীপূজা আয়োজক কমিটীয়ে পূজাৰ শেষৰদিনা গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ৷ লক্ষ্মীপূজা উপলক্ষে অনুষ্ঠিত নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰন কৰি আনে কেইবাগৰাকীও বিশেষভাৱে সক্ষম শিল্পী৷

বিভিন্ন বৈদ্যুতিন মাধ্যমযোগে জনপ্ৰিয় হৈ পৰা কেইবাগৰাকীও দিব্যাংগ শিল্পীক গীত পৰিৱেশনৰ বাবে আমন্ত্ৰন কৰি আয়োজক কমিটীয়ে দেখুৱালে এক সুন্দৰ নিদৰ্শন৷ আমন্ত্ৰিত বিশেষভাৱে সক্ষম শিল্পীবৃন্দই সুমধুৰ কণ্ঠৰে এটাৰ পিছত আন এটা জনপ্ৰিয় গীত গাই মোহাচন্ন কৰি ৰাখে অজস্ৰ দৰ্শকক৷

কণ্ঠশিল্পী কেইগৰাকীৰ লগতে কেইবাগৰাকীও বিশেষভাৱে সক্ষম শিল্পীয়ে বাদ্য বাদনতো সহযোগ কৰে অনুষ্ঠানত৷ আয়োজক কমিটিৰ এনে যোগাত্মক পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে৷