অসম

বাক্সাৰ শালবাৰীত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলাগুৰীত শুকুৰবাৰে এক বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰা হয়৷ শিমলাগুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জিলাখনৰ গোৱৰ্দ্ধনা আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় সুৰাভৰ্ত্তি এখন ট্ৰাক৷

এএছ০১-এইচচি-৪৪৩৭ নম্বৰৰ ট্ৰাকখন বৰপেটা ৰোডৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত জব্দ হয় চালকসহ সুৰাভৰ্ত্তি ট্ৰাকখন৷ নামনি অসমৰ বাণিজ্যিক চহৰ বৰপেটা ৰোডৰ পৰা মিজোৰামলৈ বুলি নিয়াৰ পৰিকল্পনা কৰিছিল জব্দকৃত সুৰাখিনি৷

গোৱৰ্দ্ধনা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ট্ৰাকখন জব্দ কৰাৰ লগতে আটক কৰে ট্ৰাক চালকজনক৷ এনেদৰে দীৰ্ঘদিন ধৰি অসমৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আহিছে অবৈধ সুৰাৰ লগতে বিভিন্ন সামগ্ৰী৷ উল্লেখ্য যে, ট্ৰাকখনত ভিন্ন পাচলিৰ মাজত লুকুৱাই আনিছিল বৃহৎ সংখ্যক সুৰাখিনি৷ সম্প্ৰতি ট্ৰাকখনৰ লগতে ট্ৰাকৰ চালকজন গোৱৰ্দ্ধনা আৰক্ষীৰ জিম্মাত আছে৷