অসম

বাক্সাৰ ডুমনি ঘাটত এছএছবি আৰু বনবিভাগৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ বেঁকী নৈৰ ডুমনি ঘাটত শনিবাৰে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ হয়৷ লাবদাংগুৰীস্থিত এছএছবিৰ ৫৪ ডি নম্বৰ বেটেলিয়ান আৰু খৈৰাবাৰীস্থিত বনবিভাগে এক গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাংভাবে বেঁকী নৈৰে সৰবৰাহ কৰি থকা অৱস্থাত বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় যদিও এছএছবি আৰু বনকৰ্মী অহাৰ খবৰ পাই চোৰাং কাঠ ব্যৱসায়ী কেইজন পলাই যাবলৈ সক্ষম হয়৷

বেঁকী নৈৰে চোৰাংভাৱে লৈ অহা শিহু আৰু শিমলু গছৰ কুণ্ডাখিনিৰ আনুমানিক মূল্য ৭০-৮০ হাজাৰ হ'ব বুলি বনবিষয়াই জানিবলৈ দিয়ে৷ উল্লেখ্য যে, শনিবাৰে এই অভিযানত বন বিষয়া কৰুণা দাস আৰু এছএছবি বিষয়া নৰিন্দৰ সিঙে নেতৃত্ব দিয়ে৷