অসম

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত যুৱকক প্ৰহাৰ, চিকিৎসালয়ত ত্যাগ শেষ নিশ্বাস…

asomiyapratidin

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ ১ নং বগৰিখুটিত যুৱকক হত্যা। প্ৰায় ৫ বছৰীয়া এটি কণমানি শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ধন বাহাদুৰ কামাৰ নামৰ ২৮ বছৰীয়া যুৱকৰ ওপৰত প্ৰহাৰ। বুধবাৰে সন্ধিয়া কেইজনমান যুৱকে ধন বাহাদুৰ কামাৰক মাৰপিট কৰে আৰু ১ নং বগৰিখুটিৰ অৰঙা দোংৰ পাৰত পেলাই থয়।

ইফালে, মাৰপিট কৰা যুৱকৰ দলৰ এজন যুৱকে স্থানীয় গাওঁবুঢ়াক খবৰ দিয়ে। মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি ধন বাহাদুৰ কামাৰক  তামুলপুৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু নিশা চিকিৎসালয়ত যুৱকজনৰ মৃত্যু ঘটে বুলি চিকিৎসকে জানিব দিয়ে। এই ক্ষেত্ৰত তামুলপুৰ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ৪ জন ব্যক্তিক ইতিমধ্যে আটক কৰে। আটক কৰা চাৰিওজন ব্যক্তি তামুলপুৰৰ বগৰিখুটি গাঁৱৰ ক্ৰমে- অজিত বৰ্মন, প্ৰমোদ বৰ্মন, বিক্ৰম বড়ো আৰু পাখি বড়ো বুলি জানিব পৰা গৈছে। বৰ্তমান তামুলপুৰ আৰক্ষীয়ে আটকাধীন ব্যক্তি কেইজনক জেৰা অৱ্যাহত ৰাখিছে ।