অসম

নিৰ্বাচন সম্পৰ্কে বাক্সা জিলা উপায়ুক্তৰ সংবাদমেল…

asomiyapratidin

ডিজিটেল সংবাদ, বাক্সা: বাক্সাৰ তিনিটা বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক লৈ বাক্সা জিলা উপায়ুক্তৰ সংবাদমেল৷ বাক্সা জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টি ক্ৰমে বৰমা, তামুলপুৰ আৰু ছাপাগুৰি বিধানসভা সমষ্টিত ৫,৩৬,৯৯৫ জন ভোটাৰে ভোটদান কৰিব৷ জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই জানিবলৈ দিয়া মতে তামুলপুৰত ২,১০,৩৭৯ জন, বৰমাত ১৬৫৮৪৮ জন আৰু ছাপাগুৰিত ১৫৭৩৬৮ জন ভোটাৰে ৭৮৮টা ভোটকেন্দ্ৰত ভোটদান কৰিব৷

ইয়াৰ বাবে বিধানসভা সমষ্টি তিনিটা ১৯ টা জ'ন আৰু ৭৬ টা চেক্টৰত বিভক্ত কৰা হৈছে বুলি জানিব দি উপায়ুক্ত ৰঞ্জন শৰ্মাই ৩৭৮২ জন পোলিং বিষয়া নিয়োগ কৰিব বুলি কয় ৷ তেওঁ কয় যে- সমষ্টি তিনিটাত ২৫টা মহিলা ভোট কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে দুটাকৈ আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰিব। সেইদৰে কোভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি মাক্স, সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে ৷ আনহাতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দিয়াৰ সময়ত মাত্ৰ দুজন লোককহে লগত লৈহে প্ৰৱেশ কৰিব পাৰিব বুলি জানিব দিয়ে। উল্লেখ্য যে, এইবাৰ জিলাখনৰ তিনিটা সমষ্টিতে ৯২৭৪ জন নতুন ভোটাৰ বৃদ্ধি পাইছে।