অসম

বাক্সাত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

asomiyapratidin

ডিজিটেল সংবাদ,শালবাৰীঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই মঙলবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ দেখা যায় বাক্সা জিলাত৷

জিলাখনৰ গোৱৰ্ধনা, লাৱদাংগুৰী, ওদালগুৰি, নিমুৱা আদি অঞ্চলত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়৷ বন্ধৰ ফলত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছিল৷ বন্ধৰ সময়ছোৱাত ক'তো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাতৰি পোৱা হোৱা নাই৷