অসম

মঙলদৈত বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ: অধ্যক্ষসহ দুজনক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম আৰক্ষী অধীক্ষক জি পি সিঙৰ নিৰ্দেশৰ পিচতে মঙলদৈ আৰক্ষীয়ে পুনৰ চলালে তদন্ত প্ৰক্ৰিয়া। আৰক্ষী অধীক্ষক জি পি সিঙে টুইটযোগে বজৰং দলে অস্ত্ৰ চলনাৰ প্ৰশিক্ষণ দিয়া সন্দৰ্ভত দৰং আৰক্ষীক তদন্ত কৰি গোচৰ ৰুজু কৰাৰ বাবে নিৰ্দেশ দিছিল।

ইয়াৰ পাচতে দৰং আৰক্ষীয়ে বিদ্যালয়ৰ অধ্যক্ষসহ দুজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰোপৰি মঙলদৈ থানাত এক গোচৰ ৰুজু কৰে।

আনহাতে মঙলদৈত বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণকলৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়াৰ পাচতে ফাদিল হৈছে নতুন তথ্য । জানিব পৰা মতে যোগ প্রশিক্ষণ শিবিৰৰ নামত মঙলদৈৰ মহৰ্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ পৰা বজৰং দলে লৈছিল অনুমতি।

কর্মসংস্থাপন, নিচামুক্ত সমাজ গঢ়িবলৈ এই শিবিৰ আয়োজন কৰা বুলি বিদ্যালয় কৰ্তৃপক্ষক সংগঠনে উল্লেখ কৰিছিল। বিদ্যালয় কর্তৃপক্ষৰ সকলো নিয়ম মানি চলাৰ কথা কৈছিল বজৰংগীয়ে।

উক্ত ঘটনা সন্দৰ্ভত বজৰং দলৰ সমদলৰ বিষয়ে সকলো কথা জিলা কর্তৃপক্ষই জানিছিল। উল্লেখযোগ্য যে এই সমদলৰ বাবে বজৰং দলে উপায়ুক্তৰ কার্যালয়ৰ পৰা অনুমতি লোৱাৰ কথাও পোহৰলৈ আহিছে।

উল্লেখ্য যে সোমবাৰে আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ অন্তত আৰক্ষীয়ে বজৰং দলে অস্ত্ৰ প্ৰশিক্ষণৰ নামত পুতলা পিষ্টল আৰু এয়াৰগান ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল। ইয়াৰোপৰি প্ৰশিক্ষণস্থলীত কোনো বিস্ফোৰক সামগ্ৰী অথবা পিষ্টলৰ কাৰ্টিজ লাভ কৰা হোৱা নাই বুলি আৰক্ষীয়ে উল্লেখ কৰিছিল।