অসম

বজালী মহাবিদ্যালয়ৰ ছাত্ৰক ছুৰীকাঘাট

asomiyapratidin

ডিজিটেল সংবাদ, বজালীঃ বজালী মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ কিশোৰ গায়নক সোমবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে।

দুৰ্বৃত্তই ছাত্ৰজনক নিশা উপৰ্যুপৰি ছুৰীৰে আঘাত কৰি বাটতে পেলাই থৈ যায়।

বৰ্তমান ছাত্ৰজনৰ অৱস্থা সংকটজনক। ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটীলৈ আনি জি এন আৰ চিত ভৰ্তি কৰায়। সম্প্ৰতি, জি এন আৰ চিৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে ছাত্ৰজনে।

ছাত্ৰজনক আক্ৰমণ কৰা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে যদিও এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই।