অসম

বাইহাটা চাৰিআলিৰ বিহদিয়াত পথ দুৰ্ঘটনা, তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়ালে বাইক চালকক…

asomiyapratidin

ডিজিটেল সংবাদ দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বিহদিয়াত আজি দিনৰ প্ৰায় ১২ বজাত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাত পিছত যুৱকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে এ এচ ১৫ এ চি ৩৩০৮ নম্বৰৰ ডাম্পাৰ এখনে বাইহাটা চাৰিআলি গোৰেশ্বৰ গড়কাপ্তানি পথেৰে গোৰেশ্বৰ অভিমুখে তীব্ৰ বেগত গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা পালছাৰ বাইক চলাই অহা একেখন থানাৰ অন্তৰ্গত জথিয়া ভাঙৰা গাঁও নিবাসী প্ৰদীপ ৰাজবংশী (২৭) নামৰ যুৱকজনক ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই বিহদিয়াত প্ৰচণ্ড জ্বোৰে খুন্দা মাৰে।

যাৰ ফলত যুৱকজন পথৰ ওপৰত চিটিকি পৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। সেই সময়ত উক্ত স্থানত উপস্থিত থকা স্থানীয় লোকে আঘাতপ্ৰাপ্ত যুৱকজনক বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসকে প্ৰদীপক জি এম চি এইছলৈ প্ৰেৰণ কৰে।ইফালে দুৰ্ঘটনাৰ বিষয়ে অবগত হোৱা বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে উক্ত গড়কাপ্তানি পথটোৰে অবিৰত ভাৱে চলি থকা ১০ চকীয়া তীব্ৰ বেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।