অসম

কাৰাটে প্ৰতিযোগিতাত বাইহাটা চাৰিআলিৰ শিশু হৰ্ষিতৰ কৃতিত্ব

asomiyapratidin

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ তৃতীয় বাৰ্ষিক সদৌ অসম চিট'ৰিঅ' কাৰাটে প্ৰতিযোগিতাত কামৰূপ জিলাৰ বাইহাটা চাৰিআলি কাৰাটে একাডেমীৰ ছাত্ৰ হৰ্ষিত ভাস্কৰ কাশ্যপে(৭) এটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভোগেশ্বৰী ফুকননী ইনড'ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত হৰ্ষিতে কুমেটীৰ ছাব-জুনিয়ৰ শাখাত সোণ আৰু কাটাৰ ছাব-জুনিয়ৰ শাখাত ৰূপৰ পদক অৰ্জন কৰে। হৰ্ষিত বাইহাটা চাৰিআলিৰ আগডলা গাঁৱৰ যুৱ সমাজকৰ্মী ভাস্কৰজ্যোতি কলিতা আৰু স্বপ্নাৰাণী কলিতাৰ পুত্ৰ।