- বৃহস্পতিবাৰে ডিফুত উপস্থিত হ'ল প্ৰাক্তন ভাৰতীয় ফুটবলাৰ বাইচুং ভুটীয়া।
- কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ মূল ষ্টেডিয়াম উদ্বোধন কৰিব তাৰকা ফুটবলাৰগৰাকীয়ে।
- নৱনিৰ্মিত ষ্টেডিয়ামখনত ডিফুৰ মৰ্ণিং ষ্টাৰ আৰু বাংলাদেশৰ আছাদুজামান ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰীতি ফুটবল খেলো উপভোগ কৰিব বাইচুং ভুটীয়াই।
- অনুষ্ঠানত উপস্থিত থাকিব পীযূষ হাজৰিকা আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু কাৰ্যবাহী সদস্যসকল।