অসম

১৭২ দিনৰ পাছত নিৰ্বাপিত হ’ল বাঘজান অগ্নিকাণ্ড, কিন্তু ক্ষয়ক্ষতিৰ দায়িত্ব ল’ব কোনে?

asomiyapratidin

ডিজিটেল ডেস্কঃ অৱশেষত দেওবাৰে নিশা নিৰ্বাপিত হ'ল বাঘজান তৈলখাদৰ অগ্নিকাণ্ড। জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'ল অইল কৰ্তৃপক্ষ। প্ৰায় ১৭২ দিন অহৰহ প্ৰচেষ্টাৰ অন্তত কানাডাৰ পৰা অনা স্নাবিং ইউনিট নামৰ বিশেষ যন্ত্ৰৰ দ্বাৰা জুই নিৰ্বাপন কৰে ৮ জনীয়া বিদেশী বিশেষজ্ঞৰ লগতে অইল কৰ্তৃপক্ষই। ২৭ মে'ত গেছ নিৰ্গত হৈছিল আৰু ৯ জুনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল বাঘজান তৈলখাদত।

উল্লেখ্য যে, বাঘজানৰ এই অঞ্চলটোত আছে বিশাল তৈলভাণ্ডাৰ আৰু গেছ। এই প্ৰাকৃতিক সম্পদ নিষ্কাষণৰ জৰিয়তে আহৰণ কৰিছিল অইল ইণ্ডিয়া লিমিটেডে। এই অঞ্চলটোত আছে ৫টাকৈ তৈলখাদ। এতিয়া যিটো তৈলখাদত প্রথমে গেছ আৰু কণ্ডেন্স অইল নিৰ্গত হৈছিল, সেই তৈল খাদটো আৱিষ্কাৰ কৰা হৈছিল ২০০৪তে।

৫ নম্বৰ তৈলখাদ ৰূপে পৰিচিত এই খাদটোৰ কিছু নিলগতে আছে ডিব্ৰু ছৈখোৱা। তাৰ নিম্নাংশত আছে মাগুৰি বিল। তৈলখাদটোৰ সমীপত আছে বহু লোকৰ বাসস্থান। বাঘজানৰ এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল যে, অইল ইণ্ডিয়া লিমিটেডে বে-আইনীভাৱে এই স্থানত ৫টাকৈ তৈলখাদত তেল আৰু গেছ আহৰণ কৰি আহিছে।

২৭ মে', ২০২০ৰ পুৱা এই তৈলখাদটোত প্রথমে গেছ নিৰ্গত হৈছিল। ভূগৰ্ভৰ পৰা নিৰ্গত হোৱা এই গেছে সেই সময়ত ভয়াৱহ ৰূপ লোৱা নাছিল। স্থানীয় লোকে ইয়াক এক দুৰ্ঘটনা বুলি সন্দেহ কৰি খবৰ দিছিল স্থানীয় সংবাদমাধ্যমক। কিন্তু অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই সেয়া দুৰ্ঘটনা বুলি ভবা নাছিল।  এনে তৈলখাদ সমূহত ভূগৰ্ভত থকা বিভিন্ন স্তৰৰ পৰা গেছ আৰু তেল নিৰ্গমন কৰা হয়। অইল ইণ্ডিয়াৰ এই তৈলখাদটোত গুজৰাটৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে গেছ আৰু তেল নিৰ্গমনৰ কামৰ ঠিকা লাভ কৰিছিল। সেই প্ৰতিষ্ঠানটোৰ নাম আছিল জ'ন এনাৰ্জী।  

ৰিগ বহুৱাই এই তৈলখাদটোত প্ৰথমে গেছ আহৰণ কৰা হৈছিল যদিও পৰৱৰ্তী লেয়াৰত তেলৰ সন্ধানৰ বাবে প্ৰচেষ্টা অব্যাহত আছিল। সেই তেলখাদটোৰ সমীপত থকা এটা পানীৰ খুঁটিৰ পৰা কেইবাটাও পাম্পেৰে পানী তাত নিক্ষেপ কৰি সেয়া নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছিল যদিও, প্ৰকৃতাৰ্থত এয়া আছিল এক ব্যৰ্থ প্ৰচেষ্টা। সেই সময়তে অইল ইণ্ডিয়াৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই তেলখাদটোৰ সমীপৰ স্থানত ভৰাই লৈ ইয়াৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি হৈছিল সাধাৰণভাৱে। ২৭ মে'ৰ পৰা প্ৰায় ১৩দিন এইদৰে নিয়মমাফিকভাৱে চলি আছিল ইয়াক নিয়ন্ত্ৰণৰ প্ৰচেষ্টা।  

বৰষুণ হৈ থকাৰ বাবে এই গেছ আৰু তেল নিৰ্গত হৈ থকা তৈলখাদটোৰ পৰা বিশেষ একো ক্ষতি হোৱা নাছিল যদিও, আতংকিত ৰাইজক স্থানীয় কিছু বিদ্যালয়লৈ আঁতৰাই পঠিওৱা হৈছিল। কিন্তু হঠাৎ ৯ জুন, ২০২০ত প্ৰসৰ ৰ'দৰ পাছত সংঘঠিত হৈছিল এই অগ্নিকাণ্ড।  

এই অগ্নিকাণ্ডৰ পৰা হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ টকাৰে মূল্যায়ন কৰিব নোৱাৰি। তৈলখাদটোৰ পৰা নিলগত থকা আন এটা তৈলখাদ অইল কৰ্তৃপক্ষই বন্ধ কৰি দিয়াত সফল হ'ল যদিও এই ৫ নং তৈলখাদটোত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল।  

এটা সৰু নলাৰ পৰা ৪-৫ কিলোমিটাৰলৈকে বিয়পি পৰা এই অগ্নিকাণ্ডত জাহ গ'ল বহুতৰ ঘৰ-বাৰী। প্ৰাণৰ মমতাত সেই সকল লোকে ঘৰত থকা বয়বস্তু ঘৰতে এৰি দৌৰি পলায়ন কৰিলে সুৰক্ষিত স্থানলৈ।  ঘটনাস্থলীত গৈ প্ৰত্যক্ষ কৰা দৃশ্যসমূহ আছিল অতি ভয়ানক। পানী থকাৰ পাছতো পথাৰসমূহ জ্বলি শেষ হৈ যোৱাৰ লগতে পানীত বিৰিঙি থকা তেলৰ কণিকা তেতিয়াও জ্বলি আছিল। প্ৰায় ডেৰ কিলোমিটাৰ আঁতৰলৈকে মানুহ যাব পৰা অৱস্থা নাছিল আৰু সেই স্থানৰ উষ্ণতা কেইবা ডিগ্ৰী বৃদ্ধি হৈছিল।    

এই অগ্নিকাণ্ডত বৃহৎ ক্ষতি হোৱাৰ পাছত অইল কৰ্তৃপক্ষই কি ব্যৱস্থা ল'ব সেই সন্দৰ্ভতো বৰ্তমানলৈ জনোৱা হোৱা নাই। এতিয়া প্ৰশ্ন হ'ল- জুই নিৰ্বাপনৰ পাছত এতিয়া কেনেদৰে ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ দিব, হাজাৰ হাজাৰ বন্যপ্ৰাণীৰ মৃত্যু, যোৱা ৫-৬ মাহে নিৰ্গত হোৱা গেছৰ ক্ষতিপূৰ্ণ তথা আকৌ যে এনে এক ভয়ংকৰ ঘটনা সংঘটিত নহয় তাক লৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব অইল কৰ্তৃপক্ষই?

অসমৰ পৰা লৈ যোৱা খনিজ পদাৰ্থ কেন্দ্ৰই ঠিকেই লাভ কৰিছে যদিও, খোদ অসম লাভাৱান্বিত হৈছে ইয়াৰ দ্বাৰা? এইটো ঠিক যে, এটা অংশ অসম চৰকাৰে লাভ কৰে, কিন্তু বাঘজানৰ এই ঘটনাৰ বাবে যি পৰিমানৰ ক্ষয়ক্ষতি হ'ল, তাৰ ক্ষতিপূৰণ সম্পূৰ্ণকৈ দিব পাৰিবনে অইল কৰ্তৃপক্ষই?     

উল্লেখ্য যে, অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ। অপূৰ্ব পল্লৱ গোস্বামীয়ে ৰুজু কৰা এই গোচৰ অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সম্পাদক ছত্তীশ চন্দ্ৰ মিশ্ৰ, জ'ন এনাৰ্জী গ্ৰীণ বাঘজানৰ মুখ্য বিষয়া আৰু অইল ইণ্ডিয়াৰ গ্ল'আউট প্ৰিভেন্টাৰৰ দায়িত্বত থকা বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল।

২৯/২০২০ নম্বৰৰ জামিনবিহীন এই গোচৰ দি দাখিল কৰা এজাহাৰত পৰিৱেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব পল্লৱ বৰুৱাই উল্লেখ কৰিছিল যে, তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিব্ৰু ছৈখোৱাৰ বাঘজানত ২৭ মে'ত অই ইণ্ডিয়াৰ ঠিকাদাৰ কোম্পানী গুজৰাটৰ জ'ন এনাৰ্জীয়ে অঞ্চলটোত ড্ৰিলিং কৰি থাকোতেই বিস্ফোৰণ ঘটি অঞ্চলটোত বিষাক্ত গেছ আৰু তৈলজাত পদাৰ্থৰে পৰিৱেশ প্ৰদূষিত কৰে।     

এই স্থানত হোৱা অগ্নিকাণ্ড আৰু এনে প্ৰদূষণৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ, জলবায়ু, জীৱ জন্তুৰ মৃত্যু ঘটাৰ কথা উল্লেখ কৰি এই অঞ্চলত গেছ নিৰ্গত হোৱাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছিল এজাহাৰখনত। কিন্তু এই গোচৰ কিমান দূৰ আগবাঢ়িল বা পৰ্যায়ত বৰ্তমান আছে সেই সন্দৰ্ভতো জানিব পৰা হোৱা নাই।