অসম

মুখ্যমন্ত্ৰী হ’ব নোৱাৰে! হিমন্ত বিশ্ব শৰ্মাক লৈ কাৰ ভৱিষ্যৎবাণী?

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱাল থকা লৈকে সেই সপোন পূৰণ নহ'ব তেওঁৰ।- এয়া কোনো জ্যোতিষীৰ ভৱিষ্যৎবাণী নহয়, এয়া ৰাজনৈতিক নেতাৰ ভৱিষ্যৎবাণী। এই নেতাগৰাকীয়ে লগতে দাবী কৰে যে, মুখ্যমন্ত্ৰী হ'বলৈ হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিনৰ পৰা চেষ্টা চলাই আহিছে।

নেতাগৰাকীয়ে কয়- 'তেওঁৰ মতলব এটাই খালী চীফ মিনিষ্টাৰৰ গাদী পাব লাগে। সপোন দেখি আছে চীফ মিনিষ্টাৰ হোৱাৰ। ইমান কষ্ট কৰিছে, কিন্তু সৰ্বানন্দ সোণোৱাল থকা লৈকে তেওঁ সেই গাদী নাপায়।'

লগতে তেওঁ হিমন্ত বিশ্ব শৰ্মাক ভাতৃ আখ্যা দি কয়- 'আজি কালি মোৰ ভাইটো পাগল হৈছে। মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মা মানসিক হতাশাত ভূগিছে। ডাঙৰ বেমাৰ হয় এইটো। মোৰ এসময়ত ঘনিষ্ঠ আছিল তেওঁ। মই দুৱা কৰিম ভগৱানে যিমান সোনকালে হয় তেওঁক আৰোগ্য কৰক।' এই মন্তব্যৰে হিমন্ত বিশ্ব শর্মাৰ সন্দৰ্ভত ভৱিষ্যৎবাণী কৰা নেতাজন আন কোনো নহয়, তেওঁ হ'ল এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল।