অসম

৩ কন্যাৰ পিতৃ বাবুলৰ কাণ্ড, বেজালি কৰিবগৈ পলুৱাই নিলে ২ সন্তানৰ মাতৃক…

asomiyapratidin

ডিজিটেল সংবাদ,দৰং-ওডালগুৰি : সভ্যতা, সংস্কৃতি বিনাশী লাভ জেহাদীৰ হাতোৰা এইবাৰ সম্প্ৰসাৰিত হৈছে ভাৰত, ভূটান সীমান্তৰ জনজাতীয় গাঁৱলৈ। জনজাতীয় গাঁৱৰ পৰাই এইবাৰ এটা ৩ জনী কন্যাৰ পিতৃ তথা নাতিৰ মুখ দেখা পাষণ্ডই ২টাকৈ সন্তানৰ মাতৃক পলুৱাই উধাও হোৱাৰ পাছত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি জনগোষ্ঠীয় সংগঠন এটাই তৎকালে মহিলাজনীক গতাই নিদিলে ভয়াবহ পৰিণামৰ সকীয়নিও দিছে।

লক্ষনীয় যে, কলাইগাঁৱৰ বাবুল আলি নামৰ ৩ কন্যা সন্তানৰ পিতৃয়ে বেজালি কৰাৰ চলেৰে পানেৰীৰ ২নং সাতঘৰীয়া গাঁৱৰ সন্তেশ্বৰ ৰাভাৰ পৰিয়ালৰ ওচৰ চাপে। ৰাভাৰ পত্নী দীঘলীয়া সময়ৰ বাবে বাতবিষত ভূগি অহাৰ বাবে কবিৰাজ আলিয়ে আৰম্ভ কৰে জৰাফুকা। কিন্তু ইয়াৰ মাজতে ২ সন্তানৰ মাতৃ গৰাকী ১২ অক্টোবৰৰ পৰা নিৰুদ্দিষ্ট হয়। ৰাভাই পোনতে আলহীৰ ঘৰত যোৱা বুলি ভাৱিছিল যদিও এয়া বাবুল আলি নামৰ পাষণ্ডটোৰ কাণ্ড বুলি অৱগত হৈ ১৭ অক্টোবৰত পানেৰীত এজাহাৰ দাখিল কৰে।

লক্ষনীয় যে, বাবুল আলী ইতিমধ্যে বিবাহিত আৰু পত্নীসহ তিনিটাকৈ কন্যা সন্তানৰ গৰাকী । বাবুলৰ প্ৰথমা কন্যাৰ ইতিমধ্যে বিয়া দিয়াৰ পিছত নাতিৰ মুখো দেখা পাইছে।কিন্তু লম্পট বাবুল আলীৰ কাণ্ডই ৩ কন্যা, পত্নীৰ লগতে ৰাভাৰ ২ সন্তানকো নিঠৰুৱা কৰিছে। আৰক্ষীয়ে বাবুলৰ বিৰুদ্ধে তদন্ত চলাই আছে । অবশ্যে পাষণ্ডটোক কৰায়ত্ব কৰিব পৰা নাই।

ইপিনে, বাবুল আলিক কৰায়ত্ব কৰাই নহয় কঠোৰ শাস্তিৰ দাবী তুলিছে ওডালগুৰি জিলা ৰাভা ছাত্ৰ সন্হাই। জনজাতীয় মহিলাক অপহৰণ কৰি জাতিৰ মেৰুদণ্ডত আঘাত কৰিব য়োৱা বাবুলক কঠোৰ সকীয়নি দি মহিলাজনীক উভতাই দিয়াৰ সকীয়নি দিছে। সংগঠনটোৰ একাংশ কৰ্মীয়ে বাবুলক বিচাৰি আৰক্ষীৰ সমান্তৰাল অভিযানত হাত দিয়া বুলি প্ৰকাশ