অসম

সমাজকৰ্মী শংকৰলাল আগৰৱালালৈ ড০ বাবাচাহেব আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা

asomiyapratidin

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, সমাজকৰ্মী শংকৰ লাল আগৰৱালালৈ আগবঢ়োৱা হৈছে ভাৰত ৰত্ন ড০ বাবাচাহেব আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা। দেওবাৰে নতুন দিল্লীৰ আম্বেদকাৰ ভৱনত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত তেওঁক উক্ত বঁটা প্ৰদান কৰা হয়।

সুদীৰ্ঘ দিন সামাজিক ক্ষেত্ৰৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁক উক্ত সন্মানেৰে সন্মানিত কৰা হয়। ভাৰত ৰত্ন ড০ বাবাচাহেব আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই অনা শংকৰ লাল আগৰৱালাক মহকুমাটোৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু তেওঁৰ শুভাকাংক্ষী সকলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।