অসম

চিৰাঙৰ কাজলগাঁৱত "নিচাৰ বিৰুদ্ধে এক যুদ্ধ " শীৰ্ষক সজাগতামূলক কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : আজি চিৰাঙৰ কাজলগাঁৱত "ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু শিশুৰ মাজত অবৈধ সৰবৰাহ - "নিচাৰ বিৰুদ্ধে এক যুদ্ধ" শীৰ্ষক এদিনীয়া জিলা পৰ্যায়ৰ সজাগতামূলক কৰ্মশালা অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ (এনচিপিচিআৰ) ৰ পৃষ্ঠপোষকতাত আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ' (গুৱাহাটী) আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা (ASCPCR) ৰ উদ্যোগত সেৱা ভাৰতী ইষ্ট (এছ বি পি) ৰ সহযোগত আয়োজন কৰা আজিৰ এই সজাগতামূলক কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে চিৰাঙৰ জিলা আৰক্ষী অধীক্ষক প্ৰানজিত বৰা আৰু অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মাই ।

আজিৰ এই কৰ্মশালাত জিলাখনৰ জিলা শিক্ষা বিভাগ, আৱকাৰী বিভাগ, স্বাস্থ্য বিভাগ, শিশু উন্নয়ন সমিতি, জিলা ড্ৰাগছ নিয়ন্ত্ৰণ প্ৰাধিকৰণ, গ্ৰামোন্নয়ন বিভাগৰ উপৰি বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ, এনচিচি সদস্য, ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন সমূহৰ সদস্য সকল অংশগ্ৰহণ কৰে ।

এই কৰ্মশালাখনিত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ (এনচিপিচিআৰ) ৰ আইনী পৰামৰ্শদাতা অঞ্জলী গান্ধী আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য অজয় কুমাৰ দত্ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি জিলা খনৰ শিশু সকলক কিদৰে নিষিদ্ধ ড্ৰাগছৰ উপৰি অন্যান্য নিচাযুক্ত দ্ৰব্যৰ পৰা মুক্ত ৰাখিবলৈ আগন্তুক দিনবোৰত কিদৰে কাম কৰি যাব লাগিব তাৰ ওপৰত দৃশ্য শ্ৰাব্যৰ মাধ্যমেৰে দাঙি ধৰে ।

ইয়াৰ ওপৰিও শিক্ষানুষ্ঠানৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলে যাতে পৰিয়ালৰ অজ্ঞাতে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ (এনচিপিচিআৰ) ৰ নিৰ্দেশাৱলী অনুযায়ী প্ৰতিখন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰাই "প্ৰহৰী" নামৰ এটাকৈ সমিতি গঠন কৰাৰ ওপৰত সমল ব্যক্তি সকলে গুৰুত্বাৰোপ কৰা হয় ।