সজাগতা সভা
সজাগতা সভা 
অসম

বাল্য বিবাহ আৰু যান-বাহন আইনক লৈ হাটশিঙিমাৰীত সজাগতা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰী গ্ল’বেল ইডুকেশ্বন এণ্ড টেকনো ওৱাৰ্ডলৰ উদ্যোগত মঙলবাৰে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত বাল্য বিবাহ আৰু যান-বাহন পৰিবহন বিভাগৰ নীতি নিয়মক লৈ এখন সজাগতা সভা অনুষ্ঠিত হয় ।

বাল্য বিবাহ হলে কেনে ধৰণে সমাজৰ ক্ষতি হয় আৰু বাল্য বিবাহ আইন সন্দৰ্ভত উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী আৰু জিলা আৰক্ষী অধীক্ষক জনে ভাষণ প্ৰদান কৰে । একেদৰে ইৰিক্সা চালক সকলে যান-বাহন আইন মানি চলিবলৈ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক জনে আহ্বান জনায়।

ইয়াৰ পিছতেই গ্ল’বেল ইডুকেশ্বন এণ্ড টেকনো ওৱাৰ্ডলৰ ফালৰ পৰা যান-বাহন আইন সম্পৰ্কে লিখা থকা দুই শতাধিক ই ৰিক্সা চালকক এখনকৈ টি-শ্বাৰ্ট বিতৰণ কৰে । ই ৰিক্সা চালকসকলে এই টিশ্বাৰ্ট পিন্ধি চলাচল কৰিলে যাত্ৰী সকল আইন সম্পৰ্কে অৱগত হ’ব । লগতে ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি হ’ব বুলি জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকে মন্তব্য প্ৰদান কৰে ।

সজাগতা সভাখনত জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা আৰক্ষী অধীক্ষক হৰেন টকবী, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ জহিৰুল ইছলাম, জিলা যান-বাহন পৰিবহন বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে।