অসম

আৱাহন থিয়েটাৰৰ মঞ্চত ৰূপকোঁৱৰক স্মৰণ, গীতে-কবিতাৰে জীপাল হ’ল এটি সন্ধিয়া, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ সমগ্ৰ অসমৰ লগতে শুকুৰবাৰে চেঙাত "আৱাহন থিয়েটাৰ"ৰ মঞ্চত উদযাপন কৰা হ'ল শিল্পী দিৱস। শুকুৰবাৰে শিল্পী দিৱসত মোহময়ী অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে আৱাহন থিয়েটাৰৰ শিল্পী, কলা- কুশলী, থিয়েটাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলেও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।

আৱাহনৰ মঞ্চত ৰূপকোঁৱৰৰ সৃষ্টি ৰাজি পৰিবেশন কৰি শিল্পীসকলে শ্ৰদ্ধাঞ্জলি জনায়। অহা নাট্যবৰ্ষত আৱাহন থিয়েটাৰে নৃত্য নাটিকা হিচাপে ৰূপকোঁৱৰৰ "কাৰেঙৰ লিগিৰী" আগবঢ়াব বুলি প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে ঘোষণা কৰে।

ক্ষুদ্ৰ শিল্পীৰ ক্ষেত্ৰত শিল্পীৰ জি এছ টি প্ৰযোজ্য কৰিব নোৱাৰে বুলি কোৱাৰ লগতে ভুল সময়ত শিল্পীৰ জিএছটিৰ বিষয় চৰকাৰে উত্থাপিত কৰিছে বুলি তেওঁ মন্তব্য কৰে।

"কা" বাতিল নোহোৱালৈ প্ৰতিবাদ চলি থাকিব বুলিও উল্লেখ কৰে প্ৰস্তুতি পৰাশৰে। অসমৰ মানুহৰ মাজত কৰ্ম-সংস্কৃতিৰ অভাৱ। আমি বিদেশী বা বাংলাদেশী নহ'লে চলিব নোৱাৰোঁ বুলি কোৱাৰ লগতে আমি কৰ্মবিমুখ হৈ পাৰিছোঁ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰস্তুতিয়ে।

উল্লেখ্য যে, ৮৭সংখ্যক চেঙা মহোৎসৱ উপলক্ষ্যে শুকুৰবাৰৰ পৰা আৱাহন থিয়েটাৰৰ নাট প্ৰদৰ্শন আৰম্ভ হৈছে।