অসম

চলন্ত ৰে’লত অসমৰ শ্ৰমিকক দুৰ্বৃত্তৰ আক্ৰমণ, কাঢ়ি নিলে টকাৰ বেগ

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ চলন্ত ৰে'লৰ ভিতৰত আক্ৰমণ চলাই দুৰ্বৃত্তই টকাৰ বেগ কাঢ়ি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ নাগপুৰত শ্ৰমিক হিচাপে কাম কৰা শোণিতপুৰৰ উদমাৰিৰ ৰাজেন ভূঞা নামৰ শ্ৰমিকজন ৰে'ল যোগে ঘৰলৈ আহি থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰি দহ হাজাৰ টকা লুটি নিয়াৰ লগতে বেগ কাঢ়ি লৈ যায়।

ইফালে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱকজনে কথমপি প্ৰাণ ৰক্ষা কৰি কামপুৰ ৰে'ল ষ্টেছনত উপস্থিত হয়। পিছত কামপুৰ ৰে'ল ষ্টেছনত একাংশ লোক আৰু সাংবাদিকে প্ৰত্যক্ষ কৰি কামপুৰ এফ আৰ ইউত ভৰ্তি কৰে।

উল্লেখযোগ্য যে, ৰে'ল যাত্ৰাত যে দূৰণিবতীয়া যাত্ৰী সমূহ নিৰাপদ নহয় সেই কথা পুনৰ বাৰ প্ৰমাণ কৰিলে ৰাজেন ভূঞা নামৰ অসমৰ শ্ৰমিক জনৰ লগত সংঘটিত হোৱা ঘটনাই।