অসম

নগাঁও আৰক্ষীৰ জালত পৰিল এ টি এমৰ পৰা ধন লুটৰ চেষ্টা কৰা তিনি যুৱক

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষীয়ে সোমবাৰে নগাঁও ডিমৰুগুৰিৰ এটা এ এটি এম চুৰি কৰাৰ চেষ্টা চলাই থকা অৱস্থাত তিনি যুৱকক হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, নগাঁও জিলাৰ লগতে গুৱাহাটী, গোলাঘাট, যোৰহাটকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি চুনু কুমাৰ, দীপক কুমাৰ আৰু জয় চান্দ সহ চাৰিজনীয়া এটা দলে এ টি এম লুট কৰি আহিছিল।

ইউ কে ১৭, এইচ–৩০৫০ নম্বৰৰ মাৰুতি চুজুকি ভানখনেৰে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা এ টি এমৰ ধন লুট কৰা দলটোৱে ১৩ অক্টোবৰত নগাঁৱৰ বেবেজীয়াত এচ বি আইৰ এ টি এমৰ পৰা ধন লুট কৰাৰ পিছত গোলাঘাট আৰু যোৰহাটৰ পৰাও ধন লুট কৰি অহাত আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল।

অৱশেষত সোমবাৰে নগাঁও চহৰৰ ডিমৰুগুৰিৰ এচ বি আইৰ এ টি এমৰ পৰা ধন লুটৰ চেষ্টা চলাওতেই আৰক্ষীৰ জালত পৰে এই দলটোৰ মাষ্টাৰ মাইণ্ড চুনু কুমাৰ। ইফালে আৰক্ষীয়ে চুৰিকাণ্ড সংঘটিত কৰি অহা দলটোৱে চুৰি কাণ্ডত ব্যৱহাৰ কৰা গাড়ীখন জব্দ কৰিছে। দলটোৰ আন তিনিজন পলাই যোৱাৰ চেষ্টা চলাইছিল যদিও দীপক কুমাৰ আৰু জয় চান্দক চহৰখনৰ হয়বৰগাঁ‌ৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে আনজন আপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, ডিমৰুগুৰি এই এ টি এমৰ পৰা ৫ মাহৰ আগতেও এই দলটোৱে ধন লুট কৰি নিছিল। বৰ্তমান আটাইকে আৰক্ষীয়ে জেৰা কৰি আছে।