অসম

চিকিৎসক-সমাজকৰ্মী ডাঃ কৃষ্ণ কুমাৰ দে’লৈ ‘অটল ৰাষ্ট্ৰভক্তি’ সন্মান

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট শৈল্য বিশেষজ্ঞ, সমাজ কৰ্মী ডা: কৃষ্ণ কুমাৰ দে'লৈ আগবঢ়োৱা হৈছে "অটল ৰাষ্ট্ৰভক্তি এৱাৰ্ড-২০১৮"। ১৯৭১ চনৰেপৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত চিকিৎসা আৰু সমাজসেৱা আগবঢ়াই অহা ডাঃ দেলৈ এই সন্মান প্ৰদান কৰে  "আয়ুস্মান প্ৰতিষ্ঠান মুম্বাই" নামৰ অনুষ্ঠানটোৱে।

মহাৰাষ্ট্ৰৰ পুণেত মহাৰাষ্ট্ৰ সাহিত্য পৰিষদৰ প্ৰেক্ষগৃহত অলপতে আয়োজিত এক বিশেষ অনুষ্ঠানত চিকিৎসকগৰাকীক আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰা হয়।

চিকিৎসা আৰু সমাজসেৱাক মানৱ জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা ডা: কৃষ্ণ কুমাৰ দে বৰ্তমান অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ বাসিন্দা। অৰুণাচলৰ লগতে জন্মভূমি গহপুৰ মহকুমাৰ ছয়দুৱাৰৰ কেইবাটাও সাহিত্য সামাজিক-সাংস্কৃতিক সংগঠনৰ সৈতে সক্ৰিয়ভাবে জড়িত চিকিৎসকগৰাকীয়ে ইয়াৰ পূৰ্বেও একাধিক সন্মানেৰে সন্মানিত হৈছে।

অটল ৰাষ্ট্ৰ ভক্তি সন্মান লাভ কৰা ডাঃ দেক জাতি-জনগোষ্ঠীয় সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ, সুৰভি সাহিত্য সমাজ, টেটোনবাৰী সাহিত্য সংস্কৃতি ক্ৰীড়া বিকাশ কেন্দ্ৰ, ছয়দুৱাৰ ক্ৰীড়া সন্থা, ছয়দুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাকে ধৰি বিভিন্ন সংগঠনে অভিনন্দন জ্ঞাপন কৰে।