অসম

কোৰোনাৰ সংক্ৰমণ বৃদ্ধিঃ কঠোৰ প্রশাসন, কামৰূপ জিলাৰ বনভোজস্থলীত আজিৰে পৰা নিষেধাজ্ঞা…

asomiyapratidin

ডিজিটেল ডেস্কঃ কামৰূপ (গ্ৰাম্য) জিলা প্রশাসনে শুকুৰবাৰে এক নিৰ্দেশনা জাৰি কৰে। কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ প্ৰায় সকলো বনভোজ স্থলীত আজিৰে পৰা নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। শুকুৰবাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি, উকিয়াম, কুলসী, চান্দডুবি, বাৰেগাঁও, ৰাণী খামাৰ, কপিলী, কেডাৰ, দীঘ্ৰেশ্বৰী, মদন কামদেৱ, মালাং শিলডুবি আৰু আন বহু বনভোজস্থলী সমূহ বনভোজকাৰীৰ বাবে বন্ধ ৰখা হ'ব।

নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে- ২১ জানুৱাৰী, ২০২২ৰ পৰা প্রশাসনৰ আগন্তুক নিৰ্দেশনা জাৰি কৰা পৰ্যন্ত এই বনভোজস্থলীসমূহত নিষেধাজ্ঞা অব্যাহত থাকিব। যদি এই ক্ষেত্ৰত কোনো লোকে প্ৰশাসনৰ নিৰ্দেশ নামানে তেন্তে ডিজাষ্টাৰ মেনেজমেন্ট এক্ট ২০০৫ৰ অনুসৰি শাস্তি প্ৰদান কৰা হ'ব।