অসম

ঘৰলৈ যাবৰ বাবে নাম পঞ্জীয়ন কৰিও অসুবিধাৰ সন্মুখীন হৈছে নেকি? ফোনৰ লগতে মেচেজ কৰক এই নম্বৰত…

asomiyapratidin

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়চোৱাত গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত(ৰেড জ'ন অন্তৰ্ভূক্ত ৫ জিলাক বাদ দি) আৱদ্ধ হৈ থকা লোকসকলক চৰকাৰে ব্যৱস্থা কৰা আন্তঃজিলা বাছসেৱাৰ জৰিয়তে শনিবাৰে কেইবা সহস্ৰাধিক লোক ঘৰমুৱা হয়। পৰ্যায়ক্ৰমে সকলোকে নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে। শেহতীয়াকৈ এই যাত্ৰাৰ বাবে পঞ্জীয়ন কৰা যাত্ৰীসকলে সন্মুখীন হোৱাৰ সমস্যা সমাধানৰ বাবে মুকলি কৰা হৈছে কেইবাটাও হোৱাটছ এপ নম্বৰ।

মুকলি কৰা হোৱাটছএপপ নম্বৰকেইটা হৈছে 6026901061, 6026901062, 6026901063, 6026901064 আৰু 6026901065 । অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে জনায় যে, যিসকল লোকে ১০৪ নম্বৰত পঞ্জীয়ন কৰিছে, তেওঁলোকে এই নম্বৰকেইটাত হোৱাটছএপপ কৰিব পাৰে আৰু নিজৰ সমস্যাসমূহ সমাধান কৰিব পাৰে।

তিৱাৰীয়ে এই কথাও উল্লেখ কৰিলে যে কোনো লোকে টোল ফ্ৰী নম্বৰটো ফোন কৰিব পাৰে। ASTCয়ে মুকলি কৰিছে টোল ফ্ৰী নম্বৰো। টোলফ্ৰী নম্বৰটো হৈছে 18003453986