অসম

শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ..

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান পৰীক্ষা বাতিলৰ পাছত এইবাৰ অসমীয়া পৰীক্ষা বাতিল। অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পৰিপ্ৰক্ষিতত যোৱা নিশা ছেবাই অসমীয়া পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহন কৰে। আৰু ইয়াৰ পাছতে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ক্ষোভৰ জুই জ্বলি উঠাৰ পৰিলক্ষিত হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই অসমীয়া কাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিলৰ সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বটদ্ৰৱাৰ জাজৰিৰ ৰাজপথত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু-ছেবাৰ অধ্যক্ষ ৰমেশ জৈন আৰু সচিব নয়নজ্যোতি শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্লোগান দি শিক্ষা মন্ত্ৰীকে ধৰি ছেবাৰ অধ্যক্ষ-সচিবৰ পদত্যাগৰ দাবী তুলিলে।

প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কৃতাঞ্জলি বৰা, কাৰ্যনিৰ্বাহ সদস্য সীমান্ত বৰা, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাহুল ৰাজা, ভাৰপ্ৰাপ্ত সম্পাদক দিকি ৰাজ বৰাৰ লগতে ছাত্ৰ সন্থাৰ সদস্য উপস্থিত থাকে। পৰীক্ষা বাতিল সংক্ৰান্তত তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ তথা ছেবাৰ কৰ্তৃপক্ষক ধিক্কাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।