অসম

নিত্যানন্দ আঞ্চলিক ছাত্ৰ সন্থাত খহনীয়া...

Asomiya Pratidin

ডিজিটেল সংবাদ, বজালী : বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ নিত্যানন্দ আঞ্চলিক ছাত্ৰ সন্থাৰ সহ-সম্পাদক ৰাহুল কলিতাই নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুস্থিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুস্থানত আনুস্থানিক ভাবে যোগদান কৰে।

যোগদানৰ পিছতে দলীয় সতীৰ্থ সকলে গামোচা,জাপি,দলীয় পতাকাৰে তেঁওক দললৈ উস্ম আদৰণি জনায়।উক্ত অনুস্থানটোত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখাৰ উপ-সভাপতি নিলম সিংহ, নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিপুল ডেকাৰ সৈতে ছাত্ৰ একতা সভাৰ সদস্য সকল উপস্থিত থাকে।