অসম

দিছপুৰত বিধানসভা চৌহদৰ পাৰ্কিঙৰ নামত গছ কাটি তহিলং বন বিভাগৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজধানী দিছপুৰৰ গাতেঁ লাগি থকা বহুবছৰ পুৰণি গছ আৰু আপুনি দেখা নাপাব। এই শ শ বছৰৰ পুৰণি গছবোৰ এতিয়া নাইকিয়া হোৱাৰ পথত। উল্লেখ্য যে, সোণোৱাল চৰকাৰৰ বিধানসভাৰ নতুন পাৰ্কিং আস্থান আৰু পথ নিৰ্মাণৰ বাবদ এই পুৰণি গছবোৰ কাটি তহিলং কৰাত ব্যস্ত বন বিভাগ।

যি সময়ত গছ পুলি ৰোপণৰ লগতে পৰিবেশ সজাগতাৰ উদ্দেশ্যৰে ৰাজ্যৰ বন বিভাগে বিভিন্ন পদক্ষেপ লোৱা দেখা গৈছে তেনে সময়তে এই কাৰ্যই সকলো লোককে আচৰিত কৰি তুলিছে। ইফালে বৰ্তমানৰ লৈকে প্ৰায় ২০ জোপাকৈ গছ কাটি বিভাগটোৱে তহিলং কৰাৰ অভিযোগ উঠিছে। আনহাতে এনেদৰে গছ গছনি কটাৰ ফলত ভৱিষ্যতে মহানাগৰিকে যে সমস্যাৰ সন্মুখীন হ'ব সেয়াও নুই কৰিব নোৱাৰি ।