অসম

দিল্লী নিবাসী অসমীয়া অধ্যাপক ডঃ পংকজ কুমাৰ মেধিৰ কোৰোনাত মৃত্যু…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাই প্ৰাণ ল'লে দিল্লী নিবাসী অসমীয়া অধ্যাপকৰ। তিনিদিন ধৰি কোভিড ১৯ত আক্ৰান্ত হৈ বুধবাৰে নিশা ২:৩০ বজাত দিল্লীৰ ডাঃ চৌহান সঞ্জীৱনী হাস্পতালত অক্সিজেনৰ অভাৱত পৰলোক প্ৰাপ্তি ঘটে দিল্লী নিবাসী বৰপেটা জিলাৰ বহৰিৰ ভূমিপুত্ৰ ডঃ পংকজ কুমাৰ মেধিৰ।

উল্লেখ্য যে, বহৰি উত্তৰপাৰাৰ গণেশ মেধিৰ পুত্ৰ ৪৭ বছৰীয়া ডঃ পংকজ কুমাৰ মেধি। তেওঁ আই আই টিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ইঞ্জিনিয়াৰিঙত ডক্টৰেট সম্পন্ন কৰি দিল্লীৰ বেনেট বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে কৰ্মৰত আছিল।