কালান্তৰৰ কবিতা
কালান্তৰৰ কবিতা 
অসম

কালান্তৰৰ কবিতা

Asomiya Pratidin

প্ৰকাশ মহন্ত

বিষয় নীলমণি ফুকন। মহাকবিৰ মহাপ্ৰস্থানৰ পাছত মৌন সমদল কবিতাৰ। কবিৰ বাবে কবিতা আছিল তপস্যা। সৃষ্টিৰ মাদকতাত আপোন পাহৰা হৈ কবিয়ে কবিতাৰ বাবেই কৰিছিল সাধনা। তেওঁৰ মৃত্যুৰ বতৰাই শোকাহত কৰিছে সকলোকে। কবি গুছি গ'লেও থাকি গ'ল নীলমণি নামৰ কবিতা। এক সত্বা। তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ৰচনা কৰা এই কবিতাই সামৰি লৈছে কবিতাৰ বহু ধাৰা আৰু কবিতাৰ বিস্তাৰিত ক্ষেত্ৰখন। অসমীয়া প্ৰতিদিন ডিজিটেলৰ কবিতাৰ শিতানত এই কবিতাটোৰ জৰিয়তেই ঋষি তুল্য কবিগৰাকীৰ প্ৰতি নিবেদন কৰা হৈছে শ্ৰদ্ধাৰ অৰ্ঘ্য।

সকলো কবিতাই

কবিতা নহয় !

কাৰোবাৰ বাবে সকলো

কবিয়েই কবি নহয় !!

কাব্যঋষি নীলমনিয়ে ক’লে

তেওঁৰ কবিতা কবিতা নপঢ়া জনৰ বাবে !!

নাজানো

কোন কিমান শুদ্ধ ।

মই কবিও নহও

কবিকো ভাল নাপাও

ভালপাও কবিতাক,

যি কবিতাত কুলু কুলু

নিজৰাৰ দৰে হৃদয়ৰ শব্দ বয়,

বয় লয় লাসে।

ভালপাও কবিতা য'ত

শব্দই নাচোন ধৰে।

যিদৰে

একুৰিয়ামৰ বহু ৰঙী মাছে

লয়লাসে নাচোন ধৰে।

কেতিয়াবা উল্লাস

কেতিবায়াবা হুমনিয়াহ,

কেতিয়াবা ফূটি উঠে

মুক্তি বিপ্লৱৰ ছন্দ!

এই ছন্দ  কেতিয়াবা হয় কোমল শব্দৰ পদ্য

কেতিয়াবা হয় ৰূপক

অথবা গীত সুললিত।

কাণে কাণে, মুখে মুখে

যি থাকি যায় চিৰদিন চিৰকাল।

কল্লোলিত নিজৰাৰ দৰে শব্দৰ

উত্তৰ আধুনিকতাবাদীৰ অভিধানত কোনো স্থান নাই,

কিয়নো তেওলোকৰ বাবে

শব্দৰ উশৃংখলতাই

হৃদয় থানবান কৰিব পৰাটোহে আচল কবিতা!

মই নাজানো

কবি নীলমনি কোনখন অভিধানৰ প্ৰণেতা!

জানো মই

এটা শ্লোকৰ পৰা সৃষ্টি হৈছিল

বন্দিত মহাকাব্য ৰামায়ণ!

এইকথাও পঢ়িছিলো ভূগোলত 

জান জুৰি নিজৰাৰ নিৰ্মল ধাৰাৰ দৰেই

বৈ যায় আগ্নেয়গিৰিৰ উত্তপ্ত লাভা!

সেই উত্তপ্ত লৌহ পদাৰ্থৰ পাহাৰৰ পৰাই দেখোন

কালান্তৰৰত সৃষ্টি হয় উৰ্বৰ ভূমি!

গজি উঠা বিৰিখৰ

পাতে লয়লাসে সুগভীৰ সভ্যতাৰ কথা পাতে!

তাতেইতো একাকাৰ হয়

সৃষ্টি স্থিতি প্ৰলয়ৰ বিচিত্ৰ

ত্ৰিধাৰা!!

সেইবাবেই বিহগী কবি ৰঘুনাথ

কিম্বা কাব্য ঋষি নীলমনি

অগ্নিকবি কমলাকান্তৰ কবিতাত

আধুনিকতাৰ এই পাৰ্থক্য বিছাৰি

নাপাও।

উত্তৰ আধুনিকতাৰ নামত

শব্দৰ উশৃংখলতা অথবা শ্লীলতাহীন কবিৰ কবিতায়ো

মোক স্তম্ভিত কৰে,

যি দৰে কবিতাত প্ৰেমৰ পেন পেননিয়ে কৰে।

কিয়নো এই পেনপেননিত

থাকে ৰাধা-কৃষ্ণৰ  অথবা গোপবধুৰ

উদ্ধৱে দেখা ৰাগবিৰাগ।

এই পেনপেননিতে সেই  উপলব্ধি

পৰম জ্ঞানীৰূপে বন্দিত

উদ্ধৱৰ প্ৰতি ৰাধাৰ উপজিছিল পুতৌ।

অভ্যন্তৰৰ বাখ্যাত মহামতি

উদ্ধৱে চকুমেলি স্তম্ভিত

স্বৰৰে প্ৰণাম কৰিছিল ৰাধাক।

কবিতাৰ গোপনীয়তাত

সুধাকন্ঠ, পল ৰবচন অথবা নাচিকেতাই দেখিছিল

প্ৰকৃতি  আৰু মানুহৰ  নিভৃতত থকা

ঐশ্বৰ্য সম্ভাৰ ।

তেওঁলোকে দেখা সেই ভাল মানুহ বোৰ

সেই প্ৰকৃতিৰ সৌন্দৰ্য

আজি কি অদৃশ্য হ'ল!

মই নাজানো।

হয়তো সেয়ে

কবিতাৰ তপস্বী

নীলমনিয়ে কৈ গ'ল,  

মোৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি, শোভাযাত্ৰা নকৰিবা

আনবোৰ স্থুল আনুষ্ঠানিকতাৰ আয়োজন

নকৰিবা

হাস্পতালৰ পৰা মোৰ মৃতদেহ আপোন ঘৰলৈ নিবা

ঘৰৰ পৰা শ্মশানলৈ নি

জ্বলাই দিবা মোক।

সেইদৰেই অগ্নিশিখাৰ সৈতে

মই নীৰলে লাভাৰ শ্ৰোত হৈ

অথবা ধোঁৱা আৰু বতাহহৈ

গুচি যাম মই মোৰ স্বদেশলৈ।

মোৰ বাবে এয়াহে সাৰ্থক কবিতা।