অসম

ফৰকাটিং শাখা সাহিত্য সভাৰ উদ্যোগত অসমীয়া আখৰ-জোঁটনি কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট জিলা সাহিত্য সভাৰ সৌজন্যত আৰু ফৰকাটিং শাখা সাহিত্য সভাৰ উদ্যোগত ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত মংলবাৰে এখনি অসমীয়া আখৰ-জোঁটনি কৰ্মশালা সম্পন্ন হৈ যায়। এই অনুষ্ঠানটিৰ আঁত ধৰেফৰকাটিং শাখা সাহিত্য সভাৰ সভাপতি ড° যতীন নাথে।

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ আগবঢ়াই -গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক সুৰেন্দ্ৰ মোহন হাজৰিকা আৰু গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্ট ভাষাবিদ গুণেন বৰাই। কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আদৰণি ভাষণ আগবঢ়াই গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰা আৰু সম্পাদিকা বন্তি বৰাই।

ইয়াৰোপৰি কৰ্মশালাত উপস্থিত থাকে -অসম সাহিত্য সভা নাট্য সন্মিলনীৰ কাৰ্যকৰী সভাপতি নৰেন শইকীয়া, দণ্ডিৰাম বৰা,দুগ্ধ দত্ত, ভূৱন চন্দ্ৰ বৰা, ডাঃ ভোলা বৰা, যোগেন দত্ত,ললিত নাথ,লোহিত শইকীয়া,প্ৰদীপ নাথ,জীৱনজ্যোতি ফুকনৰ লগতে ফৰকাটিং অমৰজ্যোতি ক্লাৱৰ সম্পাদক প্ৰাণজিৎ শইকীয়া, ফৰকাটিং শাখা সাহিত্য সভাৰ ৰূপালী, দত্ত প্ৰণৱ গগৈ আৰু ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী। ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰি কৰ্মশালা সাফল্য মণ্ডিত কৰি তোলাৰ লগতে উপকৃত হোৱা বুলি জানিবলৈ দিয়ে।