ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'মিনি'
ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'মিনি' 
অসম

ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'মিনি'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হয় অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ লগতে ২০০ বছৰীয়া চাহ উদ্যোগক আধাৰ কৰি নিৰ্মাণ কৰা বোলছবি "মিনি"। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ'ল অসমৰ ছবি।

ছবিখন উপভোগ কৰি ৰাষ্ট্ৰপতি মুৰ্মু আনন্দিত হোৱা বুলি মন্তব্য কৰে প্ৰযোজকগৰাকীয়ে। 'মিনি' নামৰ এই ছবিখনৰ পৰিচালক পংকজ মহন্ত। মহন্তই ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ ছবিখন প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰাৰ বাবে আনন্দিত হোৱাৰ লগতে এই সুযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।

মন কৰিবলগীয়া যে অসমৰ চাহ জনজাতিয় লোকসকলৰ সমস্যাসমূহক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। উল্লেখ্য ২৩ ফেব্ৰুৱাৰীত ৰাজ্যৰ ছবিগৃহসমূহত মুক্তি লাভ কৰিছিল ছাদ্ৰী ভাষাৰ এই ছবিখন।

পি এম এছ'চিয়েটৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা কৰিছে অৰুন জিৎ বৰাই। ছবিখনত অভিনয় কৰিছে উৰ্মিলা মহন্ত, বলোৰাম দাস, পংকজ মহন্তকে ধৰি বহু নবীন প্ৰবীণ অভিনেতা-অভিনেত্ৰীয়ে। আজি ৰাষ্ট্ৰপতি ভৱনত ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ সময়ত উপস্থিত আছিল প্ৰযোজক, পৰিচালককে ধৰি প্ৰায়সকল কলা, কুশলী।