অসম

ঘৰলৈ ওভতাৰ পথত অন্ধ্ৰপ্ৰদেশৰ ৰেল ষ্টেশ্যনত অসমৰ যুৱকক হত্যা

asomiyapratidin

ডিজিটেল সংবাদ, মুছলপুৰঃ পুনৰ বহিঃৰাজ্যত আক্ৰমণৰ বলি হৈছে অসমৰ যুৱক। যোৱা ১৬ ছেপ্তেম্বৰতে এই ঘটনা সংঘটিত হয় যদিও সেয়া আজিহে পোহৰলৈ আহে। অন্ধ্ৰপ্ৰদেশত সংঘটিত এই নৃশংস আক্ৰমণৰ ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় বাক্সা জিলাৰ এজন যুৱকে।

প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ নবীন ভট্টৰায় নামৰ যুৱকজন দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে অন্ধ্ৰপ্ৰদেশত আছিল। কৰ্মস্থলীৰ পৰা ছুটী লৈ ঘৰলৈ আহি থকা অৱস্থাতে অনন্তপুৰাৰ গুট্টি ৰেল ষ্টেশ্যনত অজ্ঞাত দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে নবীনক।

মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকত ভাগি পৰিছে বাক্সাৰ নিকাচী থানাৰ অন্তৰ্গত ভূটানখুটি গাঁৱত নবীন অহালৈ আশাৰে বাট চাই থকা পৰিয়ালবৰ্গই। উল্লেখ্য যে, বিগত কিছুদিন ধৰি চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচলতো নৃশংস আক্ৰমণৰ বলি হ'বলগীয়া হৈছে অসমৰ যুৱক।