অসম

হাটশিঙিমাৰীত গুনোৎসৱকলৈ ১০০ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, নডেল শিক্ষকক প্ৰশিক্ষণ…

asomiyapratidin

ডিজিটেল সংবাদ মানকাচৰঃ অহা ২৩ মে'ৰ পৰা আৰম্ভ হ'বলগা দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি দিনজোৰা কাৰ্য্যসূচীৰে ১০০ গৰাকী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আৰু নডেল শিক্ষকক জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হয়।

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলাত দ্বিতীয় পৰ্যায়ত ২৩ মে' তাৰিখে গুনোৎসৱ আৰম্ভ হ'ব। ২৩, ২৪ ,২৫ আৰু ২৬ মে' তাৰিখে অনুষ্ঠিত হ'বলগা গুনোৎসৱৰ বাবে আজি জিলাৰ সদৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহত জিলা পৰ্যায়ত অনুষ্ঠিত প্ৰশিক্ষণত ৮ গৰাকী মুখ্য প্ৰশিক্ষকে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আৰু নডেল শিক্ষক সমলক প্ৰশিক্ষণ দিয়ে। এই কাৰ্য্যসূচীত উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত ড০ হিতেশ মজুমদাৰ, জিলা আঁচনি বিষয়া ৰফিউল আলম আহমেদ আৰু আউলাদ হুছেইন।