অসম

বৃহস্পতিবাৰে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, দিনটোৰ কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ২৫ ফেব্ৰুৱাৰীত আহি উপস্থিত হ'বহি অসমত। তেওঁ পুৱা ৯.৫০ বজাত আহি উপস্থিত হ'বহি আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ অতিথিশালাত। তাৰপাছত অতিথিশালাৰ পৰা ৯.৫৫ বজাত আমিনগাঁৱৰ হেলিপেডলৈ ৰাওনা হ'ব। তাৰে ৫ মিনিট পাছত অৰ্থাৎ ১০ বজাত উপস্থিত হ'বগৈ আমিনগাঁৱৰ হেলিপেডত।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে আমিনগাঁৱৰ পৰা হেলিকপ্টাৰযোগে নগাঁৱৰ পুৰণিগুডামলৈ উৰা মাৰিব আৰু ১০.৩০ বজাত উপস্থিত হয়। তাৰ পৰা পোনে পোনে পুৰণিগুডামৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰিব তেওঁ। তাত ৩০ মিনিট থাকি ১১ বজাত পুৰণিগুডামৰ পৰা বৰদোৱালৈ ৰাওনা হ'ব। ১১.৩০ বজাত বৰদোৱাত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী।

তাৰপাছত দিনৰ ১.৩০ বজাৰ বৰদোৱাৰ পৰা ডিফু অভিমুখে ৰাওনা হ'ব তেওঁ। ২ বজাত ডিফুত উপস্থিত হৈ দিনৰ ভাগৰ আহাৰ গ্ৰহণ কৰিব। আহাৰ গ্ৰহণৰ পাছতেই ডিফুত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত প্ৰায় দুঘন্টা সময় থাকি ৪ বজাত ডিফুৰ পৰা ৰাওনা হ'ব লোকপিয়ল গোপীনাথ বৰদলৈ বিমান বন্দৰলৈ। তাৰপাছত ৫.০৫ বজাত গুৱাহাটীৰ পৰা বিদায় ল'ব তেওঁ।