অসম

টেট পৰীক্ষা, উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণকে ধৰি অনেক গুৰুত্বপূৰ্ণ বিষয় সামৰি শিক্ষামন্ত্ৰীৰ সংবাদ মেল..

asomiyapratidin
  • শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল।
  • সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে শিক্ষামন্ত্ৰী গৰাকীয়ে।
  • এক লাখ নিযুক্তিৰ ক্ষেত্ৰত আমি আগবাঢ়িছো।
  • ২০২০ চনৰ টেট পৰীক্ষা ২০২১ ত পাতিম।
  • অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ'ব টেট পৰীক্ষা।
  • চি টেটৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে ৰাজ্যিক টেটৰ পৰীক্ষা দিব পাৰে।
  • বি এড বা ডি এল এডৰ চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিব টেট পৰীক্ষাৰ বাবে।
  • মেট্ৰিক, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে গ্ৰাম্য অঞ্চলত ৭৫ শতাংশ সংৰক্ষণ থাকিব।
  • শিক্ষানুষ্ঠান সমূত ২৫ শতাংশ আসন বৃদ্ধিৰ বাবে আহ্বান জনাইছো৷
  • আন্তঃগাঁথনি থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে এইবাৰৰ পৰা একাদশ শ্ৰেণী আৰম্ভ কৰিব পাৰিব৷
  • চৰ্ত ভিত্তিত উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ'ব৷
  • এই ক্ষেত্ৰত উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আন্তঃগাঁথনি থাকিব লাগিব।
  • উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ কিলোমিটাৰ ভিতিৰত যদি কোনো উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় আছে তেন্তে তেনে শিক্ষা প্ৰতিষ্ঠানক আপগ্ৰেড কৰাৰ পদক্ষেপ লব ৷
  • এই বাৰ শিক্ষাৰ্থীৰ বাবে ৫৭ হাজাৰ আসন নাটনি হ'ব ।
  • সংবাদ মেলত এইকথা উল্লেখ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।