অসম

ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ বিহাৰৰ পাটনাত যোৱা ১৩-১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অসমৰ দলে চাৰিটা সোন,এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক জয় কৰিবলে সক্ষম হয়। সোণৰ পদক লাভ কৰা খেলুৱৈ সকল হল ক্ৰমে জোনমনি বড়ো, দেবী দৈমাৰী,মনজিতা কটকী আৰু ৰুঞ্জাপ্ৰিয়া পাঠক।ৰূপৰ পদক লাভ কৰে সীমান্ত বৰাই ।

অন্যহাতে ব্ৰঞ্জৰ পদক জয় কৰে কিশোৰ ঠাকুৰীয়া,শ্যাম হাজৰিকা আৰু মধুস্মিতা হাজৰিকাই | ইফালে জোনমনি বড়োয়ে 'দ্বিতীয় ষ্ট্ৰং ৱমেন অৱ ইণ্ডিয়া' খিতাপ লাভ কৰে | দলটোৰ মেনেজাৰ আৰু প্ৰশিক্ষক আছিল ক্ৰমে মুজাহিদ ৰাজা আৰু প্ৰশান্ত বৰা।অসম শক্তি উত্তোলন সন্হাৰ সম্পাদক অজয় চেতিয়াই এই কথা জানিবলৈ দিছে ।