অসম

ভৱানীপ্ৰসাদ অধিকাৰীলৈ অসম সত্ৰ মহাসভাৰ ২০২১ সহিত্য বঁটা…

asomiyapratidin

ডিজিটেল ডেস্ক : পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,বিশিষ্ট সাহিত্যিক ভৱানীপ্ৰসাদ অধিকাৰীলৈ অসম সত্ৰ মহাসভাৰ ২০২১ সাহিত্য বঁটা আগবঢ়োৱা হৈছে । নলবাৰী জিলাৰ টিহুৰ মাখিবাহা গাওঁত জন্ম গ্ৰহণ কৰা অধিকাৰীয়ে পঢ়াশলীয়া দিনৰে পৰা নিৰবিচিন্নভাবে সাহিত্য চৰ্চা কৰি আছে ।

ভষা-ভাষাতত্ত্বকে ধৰি গৱেষণাধৰ্মী আৰু সমালোচনীমূলক প্ৰবন্ধকাৰ ৰূপে অধিকাৰী খ্যাতিমান । মননশীল,চুটিগল্প, কবিতা,গীতৰ উপৰি অধিকাৰীয়ে নাট্য চৰ্চাও কৰে । অধিকাৰীয়ে ভালেমান গ্ৰন্থ প্ৰণয়ন আৰু সম্পাদনা কৰিছে ।

১৬ মাৰ্চত বকোৰ চমৰীয়া সত্ৰত অনুষ্ঠিত হ'বলগীয়া অসম সত্ৰ মহাসভাৰ সেতুবন্ধ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীক উক্ত বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হ'ব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিয়ে অসম সত্ৰ মহাসভাৰ সম্পাদক কুষুম কুমাৰ মহন্তই ।