অসম

৩০ বছৰ ধৰি অসম সাহিত্য সভাত সেৱা আগবঢ়োৱা কৰ্মচাৰী ভবানন্দ তালুকদাৰৰ বিয়োগ…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম সাহিত্য সভাৰ প্ৰাক্তন গাণনিক তথা উচ্চ বৰ্গৰ সহায়ক ভবানন্দ তালুকদাৰৰ গুৱাহাটীৰ এখন হাস্পতালত শুকুৰবাৰে নিশা বিয়োগ ঘটে। অসম সাহিত্য সভাৰ সবাতোকৈ পুৰণা কৰ্মচাৰী ভবানন্দ তালুকদাৰে ১৯৮৯ চনত কৰ্মচাৰী হিচাপে অসম সাহিত্য সভাৰ কাৰ্যালয়ত যোগদান কৰিছিল।

বিগত ৩০ বছৰ ধৰি অসম সাহিত্য সভাক সেৱা আগবঢ়োৱা তালুকদাৰে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰা বহুকেইজন বিশিষ্ট সাহিত্যিকৰ সান্নিধ্য লাভ কৰিছিল। মৃত্যুৰ সময়ত তালুকদাৰৰ বয়স হৈছিল ৫৬ বছৰ। সভাৰ একনিষ্ঠ কৰ্মী তালুকদাৰ এগৰাকী দক্ষ ফুটবল ৰেফাৰী আৰু খোল বাদকো আছিল৷

ভবানন্দ তালুকদাৰৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। শোকপ্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়কে ধৰি কেউটা কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও। এক শোকবাৰ্তাত সভাপতি ড০ৰাজবংশীয়ে তালুকদাৰৰ কৰ্মনিষ্ঠা আৰু দক্ষতাক স্মৰণ কৰি তালুকদাৰৰ বিয়োগত সভাৰ অপূৰণীয় ক্ষতি হোৱা বুলি মন্তব্য কৰে।